-->

শ্ৰীলংকা দলৰ নতুন অধিনায়ক পেৰেৰা

শ্ৰীলংকা দলৰ নতুন অধিনায়ক পেৰেৰা

অলৰাউণ্ডাৰ থিছাৰা পেৰেৰাক শ্ৰীলংকাৰ এদিনীয়া দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰাৰম্ভিক বেটছমেন উপুল থাৰংগাৰ স্থানত পেৰেৰাক স্থলাষিভিক্ত কৰে শ্ৰীলংকান ক্ৰিকেট বৰ্ডে । মন কৰিবলগীয়া যে থাংগাৰ নেতৃত্বত দলটোৱে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰাৰ বাবেই পেৰেৰাক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে বৰ্ডে । পেৰেৰাই ঘৰুৱা দল টীম ইণ্ডিয়াৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া আৰু টি-২০ শৃংখলাটোত শ্ৰীলংকা দল টোক নেতৃত্ব দিব ।