-->

ভাৰতীয় ক্ৰিকেট দলে এতিয়াৰ পৰা ভ্ৰমণ কৰিব বিছনেছ ক্লাছ’ত

ভাৰতীয় ক্ৰিকেট দলে এতিয়াৰ পৰা ভ্ৰমণ কৰিব বিছনেছ ক্লাছ’ত

ভাৰতীয় ক্ৰিকেট দলৰ দীৰ্ঘদিনীয়া দাবী অৱশেষত সগৰী আগবঢ়ালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ( বি চি চি আই) । কিছুদিনৰ পূৰ্বে ভাৰতীয় দলৰ খেকুৱৈসকলে বৰ্ডক অভিযোগ দিছিল যে ঘৰুৱা মাটিত অনুষ্ঠিত শৃংখলাৰ সময়ত তেওঁলোক যথেষ্ট আহুকালত পৰে । কিয়নো বৰ্ডে দলটোৰ যাত্ৰা বাবে বিমানৰ ইকনমি ক্লাছৰ ছিটহে অবন্টন দিয়ে । ফলত বিভিন্ন সময়ত অনুৰাগীয়ে অট'গ্ৰাফ তথা ছেলফী উঠিবলৈ লগোৱা হেতা-ওপৰাত বাৰুকৈয়ে অতিষ্ঠ হৈ পৰে খেলুৱৈসকল । অৱশ্যে এই ক্ষেত্ৰত বিষয়টো প্ৰথম উত্থাপন কৰিছে বৰ্ডৰ কাৰ্যনিৰ্বাসক অধ্যক্ষ চি কে খান্নাই । সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত প্রশাসক সমিতি প্ৰস্তাৱৰ পাছত অনুষ্ঠিত বি চি সি আইৰ এক উচ্চস্তৰীয় বৈঠকত খেলুৱৈসকলৰ দাবী মানি লোৱা সিদ্ধান্ত গ্ৰহণ কৰে ।