এজনীয়া শিক্ষাৰ্থীৰে নলবাৰীৰ ৬০ প্ৰাথমিক বিদ্য়ালয়

এজনীয়া শিক্ষাৰ্থীৰে নলবাৰীৰ ৬০ প্ৰাথমিক বিদ্য়ালয়

পূৰ্বৰ তৰুণ গগৈ ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ দৰেই জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ আঠমহীয়া কাৰ্যকালতো ৰাজ্য়ৰ মাতৃভাষা মাধ্য়মৰ চৰকাৰী বিদ্য়ালয়ৰ শ্মশানযাত্ৰা অব্য়াহত আছে। কংগ্ৰেছছ চৰকাৰৰ লগতে বিজেপি চৰকাৰৰ আমোলতো বিগত প্ৰায় ১ দশক ধৰি শিক্ষা বিভাগৰ দায়িত্ৱত থকা কেবিনেট মন্ত্ৰী ড. হিমন্ত বিশ্ৱ শৰ্মাৰ কাৰ্যকালত এতিয়া ৰাজ্য়খনৰ বুজনসংখ্য়ক জিলাত অসমীয়া মাধ্য়মৰ চৰকাৰী বিদ্য়ালয়সমূহৰ অস্তিত্বলৈকে চৰম সংকট নামি অহা দেখা পোৱা গৈছে। চমক সৃষ্টিৰে প্ৰতিনিয়ত শিক্ষা বিভাগত নিত্য়-নতুন অভিলাষী আঁচনি গ্ৰহণ কৰিলেও অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ৱ শৰ্মাই অতি উদ্ৱেগজনকভাৱে চৰকাৰী বিদ্য়ালয়সমূহৰ অধোগতি ৰোধ কৰাত কাৰ্যকৰী ব্য়বস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। খিক্ষা মন্ত্ৰীজনে মুখেৰে অসমৰ উঠি অহা প্ৰজন্মক মাত্ৰভাষা মাধ্য়মৰ চৰকাৰী বিদ্য়ালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰিলেও অতি লক্ষণীয়ভেৱে নিজৰ সন্তানক কিন্তু বাহিৰৰ বিলাসবহুল বিদ্য়ালয়তহে পঢ়োৱাইছে। এইখিনিতে গুৰূত্ব দিলগীয়া কথাটো হ'ল যে শিক্ষামন্ত্ৰীজনৰ নিজ পিতৃগৃহ নলবাৰী জিলাত বৰ্তমান ৬০খন বিদ্য়ালয়ত এজন ছাত্ৰৰে বিদ্য়ালয় চলিছে। এনে কাণ্ডই জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে 'দ্ৱিতীয় শৰাইঘাটৰ ৰণ'ত জয়লাভ কৰি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ আমোলতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই চৰকাৰী বিভাগৰ বিদ্য়ালয়ত অব্য়াহত থকা অব্য়াহত থকা উন্নয়নৰ ফোপোলা স্ৱৰূপ উন্মোচিত হৈছে।