সমাজ কল্য়াণত চলিছিল এক তৃতীয়াংশৰ কমিচনৰাজ

সমাজ কল্য়াণত চলিছিল এক তৃতীয়াংশৰ কমিচনৰাজ

সমাজৰ পাছপৰা শ্ৰেণীৰ কল্য়াণৰ হকে বিভিন্ন আঁচনিৰ নামত বছৰি বৃহৎ অংকৰ পুঁজি ব্য়য় কৰা ৰাজ্য়ৰ সমাজ কল্য়াণ বিভাগটোক পূৰ্বৰ চৰকাৰসমূহৰ দিনত কিদৰে লুণ্ঠনৰ থলীলৈ পৰ্যবসিত কৰা হৈছিল তাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে। বিগত প্ৰায় ১২ বছৰত সমাজ কল্য়াণ বিভাগত সংঘটিত কমেও দুহেজাৰ কোটিটকীয়া কেলেংকাৰী সংক্ৰান্তীয় গোচৰৰ তদন্ত অব্য়াহত ৰখা দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে জব্দকৃত ফাইলসমূহ নিৰীক্ষণ কৰি প্ৰাৰম্ভিক অৱস্থাত এই তথ্য় লাভ কৰিছে।

   এই দুৰ্নীতিৰ গোচৰত তদন্তকাৰী সংস্থাই ইতিমধ্য়ে বিভাগৰ দুই প্ৰাক্তন মন্ত্ৰী অকণ বৰা আৰু গৌতম ৰয়ৰ লগতে বহুকেইজন প্ৰাক্তন সঞ্চালক আৰু আয়ুক্তক জেৰা কৰিছে। প্ৰাপ্ত তথ্য় অনুসৰি প্ৰথম পাঁচ বছৰ বিভাগে অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ,কেন্দ্ৰসমূহৰ অধীনত হিতাধিকাৰীক বিতৰণৰ বাবে সামগ্ৰী ক্ৰয় আদি সকলো কাম চৰকাৰী সংস্থাৰদ্ৱাৰা কৰোৱা হৈছিল। এই ক্ৰয়তো বস্ত ুবোৰ বজাৰৰ মূল্য়তকৈ বহু বেছি দামত ক্ৰয় কৰা হৈছিল। কিন্ত ু লাহে লাহে বেচৰকাৰী সংস্থাসমূহে এই ঠিকা লাভ কৰিবলৈ লয় আৰু তাৰ পাছৰেপৰাই বিভাগটোত লুণ্ঠন আৰম্ভ হয়। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে আবণ্টিত ধনৰ এক তৃতীয়াংশ কমিছন হিচাপে কাটি বাকী দুই-তৃতীয়াংশ ধনহে কামৰ বাবে ধাৰ্য কৰা হৈছিল।