কাজিৰঙাত খড়গসহ চোৰাংচিকাৰী ধৃত

কাজিৰঙাত খড়গসহ চোৰাংচিকাৰী ধৃত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় নিধনৰ সৈতে জড়িত থকা এটা এটা চোৰাংচিকাৰীক যোৱা নিশা বন বিভাগৰ লোকে আৰক্ষীৰ সহযোগত গঁড়ৰ খড়গ আৰু গুলীসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী শইকীয়াই জানিবলৈ দিয়া মতে কাগিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ-বনাঞ্চলৰ দায়িত্বত থকা বন বিষয়াই গোপন সূত্ৰৰ পম খেদি ভৰালি চাপৰি গাঁও নিবাসী নুৰ ইছলামৰ পুত্ৰ টোটা মিঞাক নিজা বাসগৃহৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।কাজিৰঙাত গঁড় নিধনত জড়িত  থকা ধৃত চোৰাংচিকাৰীটোৰ পৰা এটা গড়ঁৰ খড়গ আৰু থ্ৰী-নট-থ্ৰী ৰাইফেলৰ তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।