-->

ভোগালীৰ আনন্দৰপৰা বঞ্চিত হ’ব এম জি এনৰেগাৰ কৰ্মচাৰী

ভোগালীৰ আনন্দৰপৰা বঞ্চিত হ’ব এম জি এনৰেগাৰ কৰ্মচাৰী

ৰাজ্য়ৰ চৌদিশে বৰ্তমান ভোগালীৰ প্ৰস্ত ুতি চলিছে যদিও কামৰূপ জিলাৰ বিভিন্ন উন্নয়ন খণ্ড,গাঁও পঞ্চায়ত আদিত কাম কৰি থকা এম জি এনৰেগাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে তিনি মাহ ধৰি দৰমহা লাভ নকৰাত ভোগালীৰ আনন্দৰপৰা বঞ্চিত হোৱাৰ পথত বুলি জানিবপৰা হৈছে। প্ৰাপ্ত তথ্য় অনুসৰি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য় নিয়োগ নিশ্চিতি অাইনৰ অধীনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন উন্নয়ন খণ্ড অাৰু গাঁও পঞ্চায়তসমূহত বহু উচ্চ শিক্ষিত যুৱক-যুৱতী বিভিন্ন পদত কৰ্মৰত হৈ আছে। এম জি এনৰেগাৰ কৰ্মচাৰী হৈও উন্নয়ন খণ্ড অাৰু গাঁও পঞ্চায়তসমূহত নিৰ্দিষ্ট কামৰ উপৰিও বেলেগ বেলেগ কাম কৰা এম জি এনৰেগাৰ কৰ্মচাৰীসকলে মাহিলী মাত্ৰ ৬০০০ টকা দৰমহা লাভ কৰি আহিছে। উক্ত দৰমহাখিনিও চৰকাৰে এম জি এনৰেগাৰ কণ্টিজেন্সি ফাণ্ডৰপৰা কাটি ৰখা ধনেৰে প্ৰদান কৰি আহিছে। কিন্ত ু প্ৰতিবাৰৰ দৰে এইবাৰো তিনিমাহ ধৰি ন্য়ূনতম দৰমহাখিনিও জিলঅখনৰ জিলাখনৰ শ শ কৰ্মচাৰীয়ে লাভ নকৰাত ভোগালী বিহুৰ অানন্দ-উৎসৱৰপৰা বঞ্চিত হোৱাৰ পথত।