চাৰিজন ডীনে পদত্যাগ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত

চাৰিজন ডীনে পদত্যাগ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত

ডিজিটেল ডেস্ক: চাৰিজনকৈ ডীনে পদত্যাগ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত৷ বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থা আৰু উপাচাৰ্যই গ্ৰহণ কৰা কিছু নীতিৰ বিৰোধিতাৰে কৰিয়েই এই পদত্যাগ পত্ৰ ২৪ ছেপ্টেম্বৰত প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ।
পদত্যাগ কৰা ডীনসকলৰ ভিতৰত আছে বিশ্ববিদ্যালয়খনৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ ডীন তথা প্ৰাধ্যাপক এল কে নাথ, কমাৰ্চ এণ্ড মেনেজমেন্ট ছায়েন্সৰ প্ৰাধ্যাপিকা অজন্তা ৰাজকোঁৱৰ, এনভাইৰমেন্ট এণ্ড এনাৰ্জীৰ প্ৰাধ্যাপক দিলীপ মজুমদাৰ আৰু হিউমেনিটিছ, চছিয়েল ছায়েন্স এণ্ড লৰ প্ৰাধ্যাপক এন কে সন্দিকৈ। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ ৰঞ্জিত তামুলীয়ে ডেৰমাহমান আগতহে কাৰ্যভাৰ গ্ৰহণ কৰিছিল৷এই ঘটনাই বিশ্ববিদ্যালয়খনৰ ভিতৰে বাহিৰে উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷