-->

মাক্ৰমেক্সৰ স্মাৰ্টফোনত ভোডাফোনৰ ২,২০০ টকা পৰ্যন্ত কেছবেকৰ সুবিধা

মাক্ৰমেক্সৰ স্মাৰ্টফোনত ভোডাফোনৰ ২,২০০ টকা পৰ্যন্ত কেছবেকৰ সুবিধা

ভোডাফোন ইণ্ডিয়াই মাইক্ৰ'মেক্সৰ কেইটামান প্ৰাৰম্ভিক স্তৰৰ ৪ জি স্মাৰ্টফোনত গ্ৰাহকলৈ ২,২০০ টকাপৰ্যন্ত কেছবেকৰ সুবিধা আগবঢ়াইছে। এই অফাৰৰ অধীনত ভোডাফোনৰ নতুন আৰু বৰ্তমানৰ গ্ৰাহকসকলে কম মূল্যতেই মাইক্ৰমেক্সৰ নিৰ্দিষ্ট কেইটামান স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব। এই স্মাৰ্টফোনকেইটা হৈছে - ভাৰত ২ প্লাছ, ভাৰত ৩, ভাৰত ৪ আৰু কেনভাছ ১। এই অফাৰ লাভ কৰিবলৈ হ'লে গ্ৰাহকসকলে ৩৬ মাহৰ বাবে প্ৰতি মাহে কমেও ১৫০ টকাৰ ৰিচাৰ্ছ কৰিব লাগিব। ১৮ মাহৰ শেষত গ্ৰাহকসকলে ৯০০ টকা আৰু পৰৱৰ্তী ১৮ মাহৰ পিচত ১,৩০০ টকাৰ কেছবেক লাভ কৰিব পাৰিব। এনেদৰে তেওঁলোকে মুঠ ২,২০০ টকাৰ কেছবেক লাভ কৰিব।