-->

মাৰ্চাৰৰ এক সমীক্ষা অনুসৰি চলিত বৰ্ষত বৃদ্ধি পাব নিযুক্তিৰ হাৰ, দৰমহা

মাৰ্চাৰৰ এক সমীক্ষা অনুসৰি চলিত বৰ্ষত বৃদ্ধি পাব নিযুক্তিৰ হাৰ, দৰমহা

দেশৰ বিভিন্ন উদ্যোগ খণ্ডত চলিত বৰ্ষত দৰমহা ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একেদৰে এই বছৰত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানে যথেষ্টসংখ্যক নতুন প্ৰাৰ্থীকো নিযুক্তি প্ৰদান কৰিব। মাৰ্চাৰ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা ২০১৭ ইণ্ডিয়া টোটেল ৰেমুনাৰেচন ছাৰ্ভেৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে। সমীক্ষাৰ তথ্য অনুসৰি এইবাৰ বিভিন্ন উদ্যোগ খণ্ডত দৰমহাৰ হাৰ ১০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ লগতে ৫৫ শতাংশ প্ৰতিষ্ঠানে নতুন প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। এই সমীক্ষাটোত মুঠ ৭৯১ টা প্ৰতিষ্ঠানক সামৰি লোৱা হৈছে।