-->

টাটা’য়ে আগ্ৰহ দেখিছে এয়াৰ ইণ্ডিয়াৰ প্ৰতি

টাটা’য়ে আগ্ৰহ দেখিছে এয়াৰ ইণ্ডিয়াৰ প্ৰতি

বহু দিনৰ পৰাই শুনা গৈছিল জল্পনা-কল্পনাৰ কথা । কিন্তু এতিয়া তাত ছিল-মোহৰ লগালে খোদ বিমান পৰিবহন মন্ত্ৰী জয়ন্ত সিনহাই । ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সেৱা প্ৰদানকাৰী কোম্পানী এয়াৰ ইণ্ডিয়া ক্ৰয়ৰ প্ৰতি আগ্ৰহ দেখুৱাইছে টাটা গ্ৰুপে । এয়াৰ ইণ্ডিয়াই জন্মলগ্নৰ পৰাই যথেষ্ট সমস্যত ভুগি আহিছে । সেই দৌৰত সংযুক্ত হৈছে কম ধনেৰে বিমান সেৱা প্ৰদানকাৰী কোম্পানী ইণ্ডিগো । সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে টাটাই এতিয়ালৈ এয়াৰ ইণ্ডিয়া ওচৰলৈ কোনো লিখিত পত্ৰ প্ৰেৰণ কৰা নাই । কিন্তু এয়াৰ ইণ্ডিয়া ক্ৰয়ৰ প্ৰতি যে টাটাৰ আগ্ৰহ আছে, সেই কথা জানিব পাৰিছে টাটা কৰ্ণধাৰ এন চন্দ্ৰশেখৰণৰ পৰা ।