-->

ভাৰত-পাক ফাইনেল: ষ্টাৰ ইণ্ডিয়াই ১০ চেকেণ্ডৰ বিজ্ঞাপনত লাভ কৰিলে ২০ লাখ টকাকৈ

ভাৰত-পাক ফাইনেল: ষ্টাৰ ইণ্ডিয়াই ১০ চেকেণ্ডৰ বিজ্ঞাপনত লাভ কৰিলে ২০ লাখ টকাকৈ

কালি অনুষ্ঠিত হোৱা আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখন ভাৰতত কোটি কোটি জনসাধাৰণে ষ্টাৰ ইণ্ডিয়াৰ চেনেল ষ্টাৰ স্প'ৰ্টছ যোগে উপভোগ কৰে। ভাৰত হাৰিলেও ষ্টাৰ ইণ্ডিয়াৰ অৱশ্যে লাভ হয়। প্ৰাপ্ত খবৰ অনুসৰি কালি অনুষ্ঠিত ফাইনেল খেলখনৰ প্ৰতি দহ চেকেণ্ডৰ বিজ্ঞাপনৰ বাবে ষ্টাৰ ইণ্ডিয়াই লাভ কৰে ২০ লাখকৈ টকা। আনহাতে গ্ৰুপৰ আন আন খেলবোৰত ষ্টাৰ ইন্ডিয়াই ১০ চেকেণ্ডৰ বিজ্ঞাপনৰ বাবদ লাভ কৰিছিল গড়ে ৪ লাখকৈ টকা। ষ্টাৰ ইণ্ডিয়াই বিজ্ঞাপনদাতা সকলৰ বাবে দুখন ছেমি ফাইনেলত বিশেষ পেকৰ সুবিধা আগবঢ়াইছিল। সেই হিচাপত এই খেলসমুহৰ প্ৰতি দহ চেকেণ্ডত বিজ্ঞাপনৰ বাবে ধাৰ্য কৰিছিল ৭.৫ লাখৰ পৰা ৮ লাখ টকালৈকে। আনহাতে কালিৰ ফাইনেল খেলখন প্ৰায় ৩০ কোটি জনসাধাৰণে উপভোগ কৰা বুলি তথ্য আহি পৰিছে।