-->

অচিৰেই সমাপ্ত হ’ব ই-ৱালেটৰ মাজত লেনদেন

অচিৰেই সমাপ্ত হ’ব ই-ৱালেটৰ মাজত লেনদেন

অহা ছমাহৰ ভিতৰত এটা ই-ৱালেটৰ পৰা আন এটা ই-ৱালেটলৈ লেনদেনৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। অৱশ্যে কে ৱাই চি দাখিল কৰা ব্যৱসায়ীসকলেহে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। অহা ১১ অক্টোবৰৰ ভিতৰত এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন নীতি ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে শেহতীয়াকৈ পেটিএম, ফ্ৰিচার্জ আৰু মোবিকুইক আদিৰ দৰে ই-ৱালেটসমূহ ভাৰতত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে।