-->

বেংকত ১৭ হেজাৰ কোটি টকাৰ লেনদেন শ্বেল কোম্পানীৰ

বেংকত ১৭ হেজাৰ কোটি টকাৰ লেনদেন শ্বেল কোম্পানীৰ

বিমুদ্রাকৰণৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ পঞ্জীয়ন বাতিল হোৱা ২.২৪ লাখৰ ভিতৰত প্ৰায় ৩৫ হেজাৰটা শ্বেল কোম্পানীয়ে বেংকত জমা থোৱা উলিওৱা মুঠ ধনৰাশিৰ পৰিমাণ আছিল প্ৰায় ১৭ হেজাৰ কোটি টকা। ৫৬ টা বেংকৰ ৫৮ হেজাৰটা একাউণ্ট সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰামতে এতিয়ালৈকে দেশত ২.২৪ লাখ কোম্পানীৰ পন্জীয়ন বাতিল কৰা হৈছে।এই কোম্পানীসমূহ দুবছৰতকৈ অধিক সময়ৰ বাবে সক্ৰিয় হৈ নথকাৰ বাবেই তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰা হৈছে। ইয়াৰ লগতে এনে প্ৰতিষ্ঠানেৰে জড়িত ৩.৯০ লাখ সঞ্চালককো অৰ্হতাহীন ঘোষণা কৰিছে চৰকাৰে।