এছ বি আইৰ নতুন নিৰ্দেশনা : নূন্যতম জমাধনৰ পৰিমাণ হ্ৰাস পালে ১৫ টকালৈ

এছ বি আইৰ নতুন নিৰ্দেশনা : নূন্যতম জমাধনৰ পৰিমাণ হ্ৰাস পালে ১৫ টকালৈ

দেশৰ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংক প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে ইয়াৰ একাউন্টত নূন্যতম জমাৰাশি ৰক্ষা কৰি নচলাৰ ক্ষেত্ৰত আৰোপ কৰা মাছুলৰ হাৰ প্ৰায় ৭৫ শতাংশলৈ হ্ৰাস কৰিছে। অৰ্থাৎ গ্ৰাহকসকলে এতিয়াৰে পৰা একাউন্টত নূন্যতম জমাৰাশি ৰক্ষা কৰি নচলিলে সৰ্বাধিক ১৫ টকা মাচুল আদায় দিব লাগিব। পূৰ্বে এই মাচুল সৰ্বাধিক ৫০ টকা আছিল। অহা ১ এপ্ৰিলৰ পৰা এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব।