-->

অ’ এন জি চিৰ নতুন মুখ্য পৰিচালন সঞ্চালক শশী শংকৰ

অ’ এন জি চিৰ নতুন মুখ্য পৰিচালন সঞ্চালক শশী শংকৰ

দেশৰ সৰ্ববৃহৎ তেল আৰু গেছ উৎপাদনকাৰী প্ৰতিষ্ঠান অ' এন জি চিৰ নতুন মুখ্য পৰিচালন সঞ্চালক তথা অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে শশী শংকৰে। নিযুক্তি সম্পৰ্কীয় কেবিনেট কমিটিয়ে তেওঁৰ নিযুক্তিত অনুমোদন জনোৱাৰ পিচতে শংকৰ এই পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰে। বৰ্তমান তেওঁ অ' এন জি চিৰ টেকনিকেল আৰু ফিল্ড চাৰ্ভিছেজ বিভাগৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অ' এন জি চিৰ বৰ্তমানৰ মুখ্য পৰিচালন সঞ্চালক দীনেশ কে চাৰফৰ কাৰ্যকাল আজি সমাপ্ত হয়।