-->

বেংক প্ৰতিষ্ঠানলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ: শীঘ্ৰে ২০০ টকীয়া নোট সহজলভ্য হ’ব এ টি এমত

বেংক প্ৰতিষ্ঠানলৈ ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ: শীঘ্ৰে ২০০ টকীয়া নোট সহজলভ্য হ’ব এ টি এমত

দেশজুৰি অনতিপলমে এ টি এমত ২০০ টকীয়া নোট সহজলভ্য কৰিবলৈ বেংক প্ৰতিষ্ঠান আৰু এ টি এম নির্মাতাসকলক নিৰ্দেশ দিছে  ভাৰতীয় ৰিজাৰ্ভ বেংকে। অৱশ্যে ২০০ টকীয়া নোটৰ সহজলভ্যতাৰ বাবে প্ৰতিষ্ঠানসমূহক কমেও ৫-৬ মাহ সময়ৰ প্ৰয়োজন হ'ব বুলি প্ৰকাশ কৰিছে বেংক পেছাদাৰীসকলে। উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশ কাৰ্যকৰী কৰিবৰ বাবে বেংকিং উদ্যোগটোৱে ১১০ কোটি টকাতকৈ অধিক ধনৰাশি ব্যয় কৰিব লাগিব। ২০০০-৫০০ টকীয়া নতুন নোট প্ৰৱৰ্তনৰ পিচত জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হোৱাত ইয়াৰ সমান্তৰালভাৱে কম মূল্যৰ নোট যোগান ধৰিবলৈ চৰকাৰে অহৰহ চেষ্টা চলাই আছে।