-->

এক্সিছ বেংকৰ ঋণ অপৰিশোধিত একাউন্টৰ বিবাদ নিষ্পত্তি কৰিবলৈ সময়সীমা ৰিজাৰ্ভ বেংকৰ

এক্সিছ বেংকৰ ঋণ অপৰিশোধিত একাউন্টৰ বিবাদ নিষ্পত্তি কৰিবলৈ সময়সীমা ৰিজাৰ্ভ বেংকৰ

বিশাল পৰিমাণৰ ঋণ পৰিশোধ কৰিবলৈ বাকী থকা ১২ টা একাউন্টৰ ঋণৰ বোজা নিষ্পত্তি কৰিবলৈ এক্সিছ বেংকলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। কেন্দ্ৰীয় বেংকটোৱে ১৩ ডিচেম্বৰৰ ভিতৰত এই একাউণ্টসমূহৰ অপৰিশোধিত ঋণৰ বিষয়টো নিষ্পত্তি কৰিবৰ বাবে এক্সিছ বেংকক  সীমাৰেখা বান্ধি দিছে। এক্সিছ বেংকে প্ৰকাশ কৰামতে এই ১২ টা একাউন্টৰ গৰাকীসকলে পৰিশোধ কৰিবলৈ থকা মুঠ ঋণৰ পৰিমাণ হৈছে ২,৪৯২ কোটি টকা। বেংকটোৰ সূত্ৰমতে যোৱা ২৮আগষ্টত ৰিজাৰ্ভ বেংকে এক্সিছ বেংকলৈ এই নিৰ্দেশনা জাৰি কৰে। অন্যাথা ইনচলভান্সি পদ্ধতিত এনে একাউন্টৰ গৰাকীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিয়ে।