-->

ঋণ গ্ৰহণকাৰীলৈ সকাহ প্ৰদান কৰি ৰিজাৰ্ভ বেংকে সুতৰ হাৰ ৬ শতাংশতে অপৰিৱৰ্তিত ৰাখিলে

ঋণ গ্ৰহণকাৰীলৈ সকাহ প্ৰদান কৰি ৰিজাৰ্ভ বেংকে সুতৰ হাৰ ৬ শতাংশতে অপৰিৱৰ্তিত ৰাখিলে

ঋণ গ্ৰহণকাৰীসকললৈ সকাহ প্ৰদান কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে অনুষ্ঠিত মুদ্ৰানীতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত সুতৰ হাৰ ৬ শতাংশতে অপৰিৱৰ্তিত ৰাখিলে। উল্লেখ্য যে চৰকাৰে বিকাশৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে সুতৰ হাৰ (ৰিজাৰ্ভ বেংকে বিভিন্ন বেংকলৈ প্ৰদান কৰা ঋণৰ সুতৰ হাৰ) হ্ৰাস কৰিবলৈ ৰিজাৰ্ভ বেংকৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছিল। কিন্তু বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ অধ্যক্ষতাত গঠিত মুদ্ৰানীতি সম্পৰ্কীয় পৰ্যালোচনা গোটৰ বৈঠকত সুতৰ হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত ৰেপ'ৰেট ০.২৫% হ্ৰাস কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে।