-->

ৰাজহুৱা খণ্ডৰ বেংকৰ সংলগ্নকৰণৰ নেতিবাচক প্ৰভাৱ এ টি এম স্থাপনত

ৰাজহুৱা খণ্ডৰ বেংকৰ সংলগ্নকৰণৰ নেতিবাচক প্ৰভাৱ এ টি এম স্থাপনত

পূৰ্বৰ তুলনাত দেশত হ্ৰাস পাইছে নতুন এ টি এম স্থাপনৰ হাৰ। যোৱা চাৰিটা মাহত দেশত পূৰ্বৰ তুলনাত নতুন এ টি এম স্থাপনৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। মূলতঃ ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ প্ৰস্তাৱিত সংলগ্নকৰণৰ প্ৰভাৱৰ ফলতে এনে হোৱা দেখা গৈছে বুলি বিশ্লেষকসকলে প্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ২০১৭ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পিচত দেশত নতুন এ টি এম স্থাপনৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ইয়াৰ আগলৈকে প্ৰতি মাহে প্ৰায় এহেজাৰটাকৈ নতুন এ টি এম স্থাপন হৈছিল। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি চলিত বৰ্ষৰ মাৰ্চলৈকে দেশত মুঠ ২.০৮ লাখটা এ টি এম আছে। নতুন এ টি এম স্থাপন নোহোৱাৰ ফলতে জুন মাহৰ তুলনাত জুলাই মাহত দেশত এ টি এমৰ সংখ্যা তুলনামূলকভাৱে হ্ৰাস পাইছে। কেইবাটাও পুৰণি এ টি এম বন্ধ হৈ পৰাৰ ফলতে জুলাই মাহত এ টি এমৰ সংখ্যা ২,০৮,২০৬ টা হ্ৰাস পাইছে। জুন মাহত এই পৰিমাণ আছিল ২,০৮,৪৭৭ টা।