-->

বিভিন্ন জনগোষ্ঠীয়ে কৰিলে মৰাণৰ তৈলক্ষেত্ৰ বন্ধ

বিভিন্ন জনগোষ্ঠীয়ে কৰিলে মৰাণৰ তৈলক্ষেত্ৰ বন্ধ

অসমৰ ছয়খনসহ মুঠ ১৫খন তৈলক্ষেত্ৰ ব্যতিগতকৰণ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত আৰু মোদীক সহযোগিতা প্ৰদান কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ বিৰুদ্ধে আজি পোৱা ৫ বজাৰ পৰা মৰণত তাই আহোম ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আদিৰে গঠিত মৰণ সন্মিলিত জনগোষ্ঠী আইকমঞ্চই মৰণ তৈলক্ষেত্ৰ অনিৰ্দিষ্টকাললৈ বন্ধ কৰিছে । যাৰ ফলত অইলৰ সমূহ কাম-কাজ বন্ধ হয় পৰাত অইলৰ বৃহৎ ক্ষতি হয় । প্ৰতিবাদকাৰীসকলে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে অসম তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰিবলৈ লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ নোকৰালৈকে মৰণ তৈলক্ষেত্ৰত কোনো ধৰণৰ কাম কৰিব দিয়া নহব ।