বিমানৰ ইন্ধনৰ পুনৰ মূল্য বৃদ্ধি

বিমানৰ ইন্ধনৰ পুনৰ মূল্য বৃদ্ধি

দেশত ক্ৰমে আঠ মাহলৈ বৃদ্ধি পাই আছে বিমান ইন্ধনৰ মূল্য। দেশৰ অন্যতম বৃহৎ তেল বিপনন প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্প'ৰেচনে প্ৰকাশ কৰা অনুসৰি সোমবাৰৰ পৰা দিল্লীত প্ৰতি কিলোলিটাৰ বিমান ইন্ধনৰ মূল্য ১২১ টকা বৃদ্ধিৰে ৫৭,৪৬০ টকা হৈছে। ইয়াৰ পূৰ্বে প্ৰতি কিলোলিটাৰ বিমান ইন্ধনৰ মূল্য আছিল ৫৭,৩৪৯ টকা। মূলতঃ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিততে যোৱা ২০১৭ৰ জুনৰ পৰা ক্ৰমে বৃদ্ধি পায় আছে বিমান ইন্ধনৰ মূল্য। যোৱা ২০১৭ৰ মে'ত প্ৰতি কিলোলিটাৰ বিমান ইন্ধনৰ মূল্য আছিল ৪৯,৭৩০ টকা আৰু এইপৰ্যন্ত বিমান ইন্ধনৰ মূল্য ৭,৭৩০ টকা বৃদ্ধি পাইছে।