-->

উৎসৱৰ সময়ত পে টি এম মলে ব্যয় কৰিব ১০০০ কোটি টকা

উৎসৱৰ সময়ত পে টি এম মলে ব্যয় কৰিব ১০০০ কোটি টকা

ছেপ্টেম্বৰ-অক্টোবৰ সময়ছোৱাত বিপনন, কেশ্ববেক আৰু প্ৰচাৰৰ ক্ষেত্ৰত ১০০০ কোটি টকা ব্যয় কৰিব পেটিএম ই-কমাৰ্চ মালিকানাধীন পেটিএম মলে। এই নিৰ্ধাৰিত পৰিমাণ যোৱা ২০১৬ৰ উৎসৱৰ সময়ছোৱাত এমাজন, স্নেপডীল আৰু ফ্লিপকাৰ্টে ব্যয় কৰা পৰিমাণতকৈ তিনিগুন অধিক। এই সন্দৰ্ভত এটা গৱেষণা সংস্থা ফ'ৰষ্টেৰে প্ৰকাশ কৰা অনুসৰি যোৱা ২০১৬ ৰ উৎসৱৰ সময়ছোৱাত উক্ত তিনিটা অনলাইন খুচুৰা বিক্রেতা প্ৰতিষ্ঠানে বিপনন আৰু প্ৰচাৰৰ ক্ষেত্ৰত ২৫০-৩০০ কোটি টকা ব্যয় কৰিছিল। উল্লেখ্য যে পেটিএম মলৰ মুকলি পিচতে অনলাইন প্রতিষ্ঠানটোৱে ১০০০ ব্ৰেণ্ড ষ্ট'ৰ আৰু ১৫০০০ ব্ৰেণ্ড স্বীকৃতিপ্ৰাপ্ত খুচুৰা বিক্রেতাক সামৰি লৈছে। সমাগত দিপাৱলীৰ পূৰ্বেই ৫০০০ টা বৃহৎ ব্ৰেণ্ড প্ৰতিষ্ঠানটোৰ সৈতে সংযোগ কৰাৰ পৰিকল্পনা কৰিছে।