পতঞ্জলিয়ে প্ৰৱেশ কৰিব পানী বটলৰ ব্যৱসায়ত

পতঞ্জলিয়ে প্ৰৱেশ কৰিব পানী বটলৰ ব্যৱসায়ত

ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে এইবাৰ পেকেজড পানীৰ বটল ব্যৱসায়ত প্ৰৱেশৰ যো-জা কৰিছে বাবা ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদে। প্ৰতিষ্ঠানটোৱে দিব্যজল ব্ৰেণ্ড নামেৰে এই পেকেজড পানীৰ বটল বিক্ৰী কৰিব। দিব্যজল বিক্ৰীৰ বাবে সম্প্ৰতি বিতৰণকাৰীৰ সন্ধানত নামিছে পতঞ্জলি আয়ুৰ্বেদ। পতঞ্জলিৰ এক কে টিজাৰাৱালাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। টিজাৰাৱালাই প্ৰকাশ কৰা অনুসৰি সদ্যহতে দিল্লী, পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, বিহাৰ, ঝাৰখণ্ডত বিতৰণকাৰীৰ সন্ধানত নামিছে প্ৰতিষ্ঠানটো।