চীনৰ প্ৰতিষ্ঠান ৱানপ্লাছৰ ৰাজহ দুগুণলৈ বৃদ্ধি

চীনৰ প্ৰতিষ্ঠান ৱানপ্লাছৰ ৰাজহ দুগুণলৈ বৃদ্ধি

চীনৰ আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা প্ৰতিষ্ঠান ৱানপ্লাছৰ ৰাজহ পৰিমাণ বিগত বৰ্ষত দুগুণলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৰ মুঠ ৰাজহ এতিয়া ১ বিলিয়ন ডলাৰতকৈও অধিক হৈছেগৈ। দ্য টেলিগ্ৰাফেৰে হোৱা এক সাক্ষাতত প্ৰতিষ্ঠানটোৰ চি ই অ' পেটে লাওৱে কয় যে ২০১৬ বৰ্ষৰ তুলনাত বিগত বৰ্ষত তেওঁলোকৰ ৰাজহৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। ৰাজহ বৃদ্ধিৰ লগতে বৃহৎ প্রতিষ্ঠানসমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱাৰ ফলত ৱানপ্লাছৰ লাভো বৃদ্ধি পাব বুলি লাওৱে প্ৰকাশ কৰে। উল্লেখ্য যে যোৱা বছৰ ৱানপ্লাছ ৫ আৰু ৱানপ্লাছ ৫ টি স্মাৰ্টফোন দুটাৰ মুকলি পিচত অলপতে প্ৰতিষ্ঠানটোৱে ৱানপ্লাছৰ ষ্টাৰ ৱাৰ সংস্কৰণ মুকলি কৰিছিল।