ধর্মঘটৰ হুংকাৰ প্ৰদান অ’লা-উবেৰ চালকৰ

ধর্মঘটৰ হুংকাৰ প্ৰদান অ’লা-উবেৰ চালকৰ

উত্থাপিত দাবী মানি নল'লে অহা ১৯ মার্চত পুনৰ ধৰ্মঘটত বহাৰ হুংকাৰ দিছে অনলাইন টেক্সি সেৱা প্রদানকাৰী প্ৰতিষ্ঠান অ'লা আৰু উবেৰৰ চালসকলে। বিগত সময়চোৱাত চালসকলক পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি ১.২৫ লাখ টকাৰ ব্যৱসায়ৰ নিশ্চিত প্ৰদান, প্ৰতিষ্ঠানৰ মালিকানাধীন গাড়ী বাতিল আৰু নূন্যতম ভাড়া বাতিল কৰি গাড়ীৰ মান অনুযায়ী ভাড়া নিৰ্ধাৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে অ'লা আৰু উবেৰৰ চালসকলে। এই দাবিসমূহ মানি নল'লে মুম্বাই, দিল্লী, বেংগালুৰু, গুৰুগ্ৰামকে ধৰি দেশৰ আন প্ৰান্তত অহা ১৯ মাৰ্চৰ পৰা অনির্দিষ্ট কাললৈ ধৰ্মঘটত বহাৰ হুংকাৰ দিছে চালক সংগঠনে।