-->

মুকেশ আম্বানিৰ ঘোষণা: এবছৰত ১৩০ নিযুত গ্ৰাহক অন্তৰ্ভুক্তি জিঅ’ৰ

মুকেশ আম্বানিৰ ঘোষণা: এবছৰত ১৩০ নিযুত গ্ৰাহক অন্তৰ্ভুক্তি জিঅ’ৰ

অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে কেইবাটাও অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে ৰিলায়েন্স জিঅ' প্ৰতিষ্ঠানটোৱে। কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰেৰণ কৰা এখন পত্ৰত এই কথা উল্লেখ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিয়ে। চিঠিখনত আম্বানিয়ে কয় -'যোৱা এবছৰৰ ভিতৰত আমি কেইবাটাও অভিলেখ ভংগ কৰিছো। এই সময়ছোৱাত ভাৰতৰ লগতে বিশ্বস্তৰতো আমি অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছো। কিন্তু মোৰ বাবে আটাইতকৈ ডাঙৰ কথাটো হ'ল এয়ে যে ৰিলায়েন্স জিঅ'ৰ এই সাফল্যই প্ৰমাণ কৰি দেখুৱালে যে ভাৰতে নতুন প্ৰযুক্তি আদৰি ল'ব পৰাকৈ সাজু হৈ উঠিছে।' যোৱা বছৰৰ ৫ চেপ্টেম্বৰত জিঅ'ৱে ম'বাইল সেৱা আৰম্ভ কৰিছিল।