-->

এয়াৰটেল আৰু জিঅ’ৰ প্ৰতিযোগিতাৰ মাজতে সুনীল মিট্টলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক মুকেশ আম্বানিৰ

এয়াৰটেল আৰু জিঅ’ৰ প্ৰতিযোগিতাৰ মাজতে সুনীল মিট্টলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক মুকেশ আম্বানিৰ

দেশৰ দুৰসংযোগ খণ্ডৰ ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ' প্ৰতিষ্ঠান দুটাৰ মাজত বিবাদ-বিতৰ্ক অব্যাহত থকাৰ সময়তে ভাৰতী এয়াৰটেলৰ মুৰব্বী সুনীল মিট্টলক 'ভাল বন্ধু' হিচাপে অভিহিত কৰিছে ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানিয়ে। 'ইণ্ডিয়া ম'বাইল কংগ্ৰেছ' শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰি আম্বানিয়ে মিট্টলক তেওঁৰ ভাল বন্ধু বুলি অভিহিত কৰে। উল্লেখ্য যে যোৱা প্ৰায় এবছৰ ধৰি পইণ্ট অব ইণ্টাৰ কানেক্ট, বিনামূলীয়া ভয়চ কল, ডাটা অফৰ আদিৰ দৰে বিষয়ক লৈ দুয়োটা প্ৰতিষ্ঠানৰ মাজত বিবাদ অব্যাহত আছে আৰু ইয়াকে লৈ দুয়োটা প্ৰতিষ্ঠানে পৰস্পৰৰ বিৰুদ্ধে আইনী যুদ্ধতো অৱতীৰ্ণ হৈছে। কিন্তু বাণিজ্যিক ক্ষেত্ৰত এনে প্ৰতিদ্বন্দীতা থাকিলেও মিট্টলক ভাল বন্ধু হিচাপে অভিহিত কৰি আম্বানিয়ে কয়- 'আমি প্ৰতিবন্ধকতা দূৰ কৰি বন্ধুত্বপূৰ্ণভাৱে আগুৱাই যাব লাগিব। চৰকাৰ আৰু কৰ্পৰেটে একেলগে মিলিলেহে কাম কৰিব পৰা যাব।' আম্বানিৰ এনে মন্তব্যৰ পিচতে সুনীল মিট্টলেও আম্বানিক 'মৰমৰ বন্ধু' বুলি অভিহিত কৰে।