-->

বাজেটত কৰ ৰেহাইৰ সীমা ৩ লাখ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

বাজেটত কৰ ৰেহাইৰ সীমা ৩ লাখ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা

দেশৰ মধ্যবিত্ত শ্ৰেণীলৈ সকাহ প্ৰদানেৰে এইবাৰৰ বাজেটত চৰকাৰে কৰ ৰেহাইৰ সীমা বৰ্তমানৰ আঢ়ৈ লাখৰ পৰা তিনি লাখলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এটা সূত্ৰই প্ৰকাশ কৰামতে ইতিমধ্যে বিত্ত মন্ত্ৰালয়ে এই বিষয়টো সন্দৰ্ভত বিবেচনা কৰি আছে। এনে সিদ্ধান্তৰ ফলত মধ্যবিত্ত শ্ৰীণীৰ দৰমহাভোগী লোকসকল উপকৃত হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। উল্লেখ্য যে বিগত বৰ্ষৰ বাজেটত চৰকাৰে কৰ ৰেহাইৰ সীমা অপৰিপৱৰ্তিত ৰাখিছিল। অহা ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে সংসদত বাজেট দাখিল কৰাৰ পিচতে কৰ ৰেহাইৰ বিষয়টো স্পষ্ট হৈ পৰিব।