-->

৬১ বছৰ অতিক্ৰম কৰিলে ভাৰতীয় জীৱন বীমা নিগমে

৬১ বছৰ অতিক্ৰম কৰিলে ভাৰতীয় জীৱন বীমা নিগমে

মাত্ৰ ৫ কোটি টকা মূলধনেৰে ১৯৫৬ চনত ব্যৱসায় আৰম্ভ কৰি সম্প্ৰতি ২৫ লাখ কোটি টকাৰ সম্পত্তি গঢ়িবলৈ সক্ষম হোৱা ভাৰতীয় জীৱন বীমা নিগমে অলপতে অতিক্ৰম কৰে ৬১ বছৰ। এই ৬১ বছৰীয়া বৰ্ণিল যাত্ৰাত ব্যৱসায় বৃদ্ধিৰ জৰিয়তে দেশৰ বীমাৰ বজাৰখনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা এই ৰাজহুৱা বীমা প্ৰতিষ্ঠানটোৱে দেশৰ কেইবাকোটি গ্ৰাহকক সামৰি লৈছে। কিছুদিন পূৰ্বে এক সংবাদমেলত জানিবলৈ দিয়ামতে ১২৮ টা কাৰ্যালয়েৰে ব্যৱসায় আৰম্ভ কৰি সম্প্ৰতি ৪,৮৯৭ টালৈ কাৰ্য্যালয়ৰ সংখ্যা বৃদ্ধি কৰা প্ৰতিষ্ঠানটোৱে ২৯ কোটিতকৈ অধিক বীমা আঁচনি ধাৰকক সামৰি লৈছে। সম্প্ৰতি প্ৰতিষ্ঠানটোত ১৫,০০০ কৰ্মচাৰী, ১১ লাখ ৩১ হেজাৰ অভিকৰ্তা আছে। ২০১৬-১৭ বিত্তীয় বৰ্ষত ৯৮.৩৪% দাবী নিষ্পত্তিৰে গ্ৰাহকৰ সুবিধাৰ বাবে অত্যাধুনিক তথ্য প্ৰযুক্তি ব্যৱহাৰেৰে নতুনত্ব আনিবলৈ সক্ষম হৈছে এল আই চি।