-->

লাভা ম’বাইল-এয়াৰচেলৰ মাজত চুক্তি সম্পন্ন

লাভা ম’বাইল-এয়াৰচেলৰ মাজত চুক্তি সম্পন্ন

ম'বাইল প্ৰস্তুতকাৰী প্ৰতিষ্ঠান লাভা ম'বাইলৰ সৈতে অংশীদাৰিত্ব স্থাপনেৰে এয়াৰচেলে বজাৰত মুকলি কৰিছে নতুন ফিচাৰ ফোন। বিভিন্ন নতুন অফাৰেৰে এয়াৰচেল-লাভাই আগবঢ়োৱা ফিচাৰ ফোনটো একাধিক অনন্য বৈশিষ্ট্যৰে সমৃদ্ধ কৰা হৈছে। গ্ৰাহকে ফোনটো ক্ৰয় কৰাৰ ২৪ মাহ পিচত ১০০ শতাংশ কেশ্ববেক লাভ কৰিব। গ্ৰাহকে ২৪ মাহত প্ৰতি ২৮ দিনৰ বাবে ১৫৩ টকাকৈ এয়াৰচেলৰ পেক ক্ৰয় কৰিলে লাভ কৰিব অপৰিসীম ভয়চ কল, ২জি ডাটা আৰু এছ এম এছ। এই ফিচাৰ ফোনটো ৮৫০ টকাত উপলব্ধ হৈছে য'ত আছে দ্বৈত ছিমৰ সুবিধা। এই সকলো সুবিধাৰ প্ৰি-বুকিং উপলব্ধ হৈছে এয়াৰচেলৰ ৱেবছাইটত আৰু এটা পষেকৰ ভিতৰতে ফোনটো বজাৰত উপলব্ধ হ'ব।