বিগত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ মাহৰ সময়ছোৱাত ১.৩৬ লাখ চাকৰিৰ সৃষ্টি

বিগত বৰ্ষৰ জুলাই-ছেপ্টেম্বৰ মাহৰ সময়ছোৱাত ১.৩৬ লাখ চাকৰিৰ সৃষ্টি

তথ্য-প্ৰযুক্তি, পৰিবহন আৰু প্ৰস্তুতকৰণ খণ্ডতে ধৰি ৭ টা ঔদ্যোগিক খণ্ডত চলিত বিত্তীয় বৰ্ষৰ জুলাই-ছেপ্টেম্বৰত মুঠ ১.৩৬ লাখ চাকৰিৰ সৃষ্টি হয়। শ্ৰম মন্ত্ৰালয়ৰ গোট শ্ৰম ব্যুৰ'ৱে প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত প্ৰস্তুতকৰণ খণ্ডত ৮৯,০০০, শিক্ষা খণ্ডত ২১০০০, পৰিবহণ খণ্ডত ২০,০০০, আমদানি-ৰপ্তানি খণ্ডত ১৪,০০০, স্বাস্থ্য খণ্ডত ১১,০০০, হোটেল খণ্ডত ২,০০০, তথ্য প্ৰযুক্তি আৰু বি পি অ' খণ্ডত ১,০০০ চাকৰিৰ সৃষ্টি হৈছে। অৱশ্যে এই সময়ছোৱাত দেশৰ শীর্ষ ৮ টা খণ্ডৰ ভিতৰত কেৱল নিৰ্মাণ খণ্ডতে ২২,০০০ চাকৰি হেৰুৱায়।