-->

যোৱা বিত্তীয় বৰ্ষত ৩০ কোটি টন উদ্যান শস্য উৎপাদন

যোৱা বিত্তীয় বৰ্ষত ৩০ কোটি টন উদ্যান শস্য উৎপাদন

উদ্যান শস্যৰ উৎপাদনে ২০১৬-১৭ বিত্তীয় বৰ্ষত উৎসাহজনক প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬-১৭ বিত্তীয় বৰ্ষত দেশত প্ৰায় ৩০ কোটি টন উদ্যান শস্য উৎপাদন হয়। যোৱা বছৰ এই পৰিমাণ আছিল ২৮.৬ কোটি টন। চৰকাৰে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ বাবে উদ্যান শস্য উৎপাদনৰ লক্ষ্য ২৯.৫ কোটি টন নিৰ্ধাৰণ কৰিছিল। ২০১৬-১৭ বিত্তীয় বৰ্ষত ফল, পাচলি, ফুল, ৰোপন শস্য আৰু মছলাৰ খেতি ২.৫১ কোটি হেক্টৰ কৃষিভূমিত কৰা হৈছিল। ২০১৫-১৬ বিত্তীয় বৰ্ষৰ তুলনাত ২০১৬-১৭ বৰ্ষত ফল, পাচলিৰ উৎপাদন অধিক বৃদ্ধি পায়। পাচলিৰ উৎপাদন ১৭.৬ কোটি টনলৈ বৃদ্ধি পোৱাত এই ক্ষেত্ৰত অভিলেখৰ সৃষ্টি হয়। ১৫ শতাংশ বৃদ্ধিৰে সবাতোকৈ অধিক বিকাশ লাভ কৰে মচলাই। একেই সময়ছোৱাত ফুল, মৌ, নাৰিকলৰ উৎপাদন আছিল ক্ৰমে ২২.৮ লাখ টন, ৯৫ হাজাৰ টন আৰু ১.৬৮ কোটি টন।