-->

ইভানকা ট্ৰাম্পে কৰিলে অসমীয়া মহিলা উদ্যোগীৰ প্ৰশংসা

ইভানকা ট্ৰাম্পে কৰিলে অসমীয়া মহিলা উদ্যোগীৰ প্ৰশংসা

টেৰাব্লু এক্সটিৰ প্ৰতিষ্ঠাপক তথা চি ই অ' অসম সন্তান বাংগালুৰুস্থিত উদ্যোগী মহিলা ৰাজলক্ষ্মী বৰঠাকুৰক ভূয়সী প্ৰশংসাৰে সম্বৰ্ধনা জনালে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কন্যা তথা উপদেষ্টা ইভানকা ট্ৰাম্পে । কালিৰে পৰা হায়দৰাবাদত অনুষ্ঠিত হৈ থকা গোলকীয় উদ্যোমিতা সন্মিলনত (জি ই এছ) উদ্যোগী মহিলা ৰাজলক্ষ্মী বৰঠাকুৰে এপিলেপচি প্ৰতিৰোধ আৰু ৰোগীক নিৰীক্ষণৰ সহায়ৰ বাবে উদ্ভাৱন কৰা টি-জে'ৰ (এটি ডিজিটেল গ্ল'ভ) বাবে ৰাষ্ট্ৰপতি কন্যা ইভানকা ট্ৰাম্পৰ বিশেষভাৱে সম্বৰ্ধনা জনায় ৰাজলক্ষ্মী বৰঠাকুৰক ।