-->

বেংগালুৰুত ইণ্টেল কৰ্প’ৰেচনে স্থাপন কৰিব গৱেষণা-উন্নয়ন কেন্দ্

বেংগালুৰুত ইণ্টেল কৰ্প’ৰেচনে স্থাপন কৰিব গৱেষণা-উন্নয়ন কেন্দ্

বিশ্বৰ প্ৰসিদ্ধ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আমেৰিকাৰ ইণ্টেল কৰ্প'ৰেচনে ভাৰতৰ বেংগালুৰুত স্থাপন কৰিবলৈ লৈছে ইয়াৰ এটা নতুন গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ। ইয়াৰ বাবে ইণ্টেলে বিনিয়োগ কৰিব প্ৰায় ১,১০০ কোটি টকা। ভাৰতত প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ অংশ হিচাপে এই পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে বুলি প্ৰকাশ কৰিছে ইণ্টেল ইণ্ডিয়াৰ মহাপ্ৰবন্ধক নিৱৰুতি ৰায়ে। তেওঁ লগতে জনাই যে উক্ত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰটি আঠ একৰ এলেকাজুৰি বিস্তৃত হৈ থাকিব আৰু ইয়াত কম্পিউটাৰ ছফটৱেৰৰ লগতে হাৰ্ডৱেৰ ডিজাইনৰো ব্যৱস্থা কৰা হ'ব।