দেশৰ জি ডি পিৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি

দেশৰ জি ডি পিৰ হাৰ ৭.২ শতাংশলৈ বৃদ্ধি

দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) বৃদ্ধি পাইছে। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈ অৰ্থাৎ বছৰটোৰ তৃতীয়-চতুৰ্থাংশত জি ডি পিৰ হাৰ বৃদ্ধি পাই ৭.২ শতাংশ হয়গৈ। চৰকাৰীভাৱে এই তথ্য প্ৰকাশ কৰি লগতে কোৱা হয় যে চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ দ্ৰুততম বিকাশ হৈছে। পূৰ্বে চৰকাৰীভাৱে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ জি ডি পি বৃদ্ধিৰ হাৰ ৬.৬ শতাংশৰ পৰা ৬.৫ শতাংশৰ ভিতৰত হ'ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল। এই সময়খিনিত জি ডি পিৰ যিমান বৃদ্ধি হ'ব বুলি নিৰ্ণয় কৰা হৈছিল তাতকৈও বেছি হয়। ৰয়টাৰে ৩৫ জন অৰ্থনীতিবিদৰ মতামতৰ ভিত্তিত প্ৰস্তুত কৰা সমীক্ষাত ভাৰতৰ জি ডি পিৰ বৃদ্ধি ৬.৯ শতাংশ হ'ব বুলি ভৱিষ্যৎদ্বাণী কৰা হৈছিল। অৰ্থনীতিবিদসকলৰ মতে বৰ্তমান ভাৰতত চৰকাৰী ব্যয় আৰু ব্যক্তিগত ভোগৰ চাহিদা অতি শক্তিশালী অৱস্থাত আছে। চৰকাৰে প্ৰকাশ কৰা আন এলানি তথ্য অনুসৰি আন্তঃগাথঁনি উন্নয়নৰ লগত জড়িত আঠটা খণ্ডত বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ হৈছে- যিটো পূৰ্বৰ বছৰত ৩.৪ শতাংশ আছিল।