ডিচেম্বৰত ভাৰতৰ ৰপ্তানিৰ হাৰ ১২.৩৬ শতাংশ বৃদ্ধি

ডিচেম্বৰত ভাৰতৰ ৰপ্তানিৰ হাৰ ১২.৩৬ শতাংশ বৃদ্ধি

যোৱা ডিচেম্বৰ মাহত ভাৰতৰ ৰপ্তানিৰ হাৰ ১২.৩৬ শতাংশ বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতে মুঠ ২৭.০৩ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানি কৰে। যোৱা ১৭ মাহৰ ভিতৰৰ ১৬ টা মাহতেই দেশৰ ৰপ্তানিৰ হাৰ বৃদ্ধি পাই আহিছে। অকল বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰপ্তানিৰ পৰিমাণ কিছু হ্ৰাস পাইছে। ৰপ্তানিৰ হাৰ এনেদৰে বৃদ্ধি পাই থকাৰ ফলত চলিত বিত্তীয় বর্ষতেই দেশৰ মুঠ ৰপ্তানিৰ সীমা ৩০০ বিলিয়ন ডলাৰতকৈ অধিক হ'ব বুলি ৰপ্তানিকাৰীসকলে আশা প্ৰকাশ কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহৰ ভিতৰত দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ হৈছে ২২৪ বিলিয়ন ডলাৰ।