-->

ভাৰতত এপলৰ প্ৰকল্প স্থাপনৰ বাবে আগ্ৰহী কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এপলৰ প্ৰকল্প স্থাপনৰ বাবে আগ্ৰহী কেন্দ্ৰীয় চৰকাৰ

আমেৰিকাৰ প্ৰখ্যাত প্ৰতিষ্ঠান এপলৰ ভাৰতত প্ৰকল্প স্থাপনৰ প্ৰস্তাৱৰ বিবেচনা কৰি আছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী এলফন্স কান্নানথনমে। এপলে ভাৰতত সামগ্ৰীৰ নিৰ্মাণ প্ৰকল্প স্থাপনৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা কিছু ৰেহাইৰ আবেদন কৰিছে। প্ৰায় ১৫ বছৰলৈ ৰেহাইৰ আবেদন কৰিছে আৰু এই আবেদনৰ ভিত্তিতে এপলক ভাৰতত প্ৰকল্প স্থাপনৰ অনুমতি দিয়াৰ কথা বিবেচনা কৰিছে চৰকাৰে। উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে ব্যয় সংকোচনৰ উদ্দেশ্যে ভাৰতত প্ৰকল্প স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দেশত সম্প্ৰতি ৯০টা প্ৰতিষ্ঠানে ম'বাইল ফোন নিৰ্মাণ প্ৰকল্প স্থাপন কৰিছে।