-->

ভাৰতত উৎপাদন হ’ব বিশ্বৰ সবাতোকৈ দামী কফি

ভাৰতত উৎপাদন হ’ব বিশ্বৰ সবাতোকৈ দামী কফি

এছিয়াৰ কফিৰ তৃতীয় বৃহৎ উৎপাদক আৰু ৰপ্তানি কৰোঁতা ভাৰতে বিশ্বৰ সবাতোকৈ দামী প্ৰস্তুত কৰিবলৈ সাজু হৈছে। দ্য চিভেট কফি বা লোৱাৰ্ফ কফি হিচাপে জনাজাত এই বিশেষ কফিবিধ প্ৰস্তুত কৰাৰ পদ্ধতিৰ বাবেই ইয়াৰ দাম অধিক। কফিৰ গুটি প্ৰথমে চিভেট কেট (জহামাল সদৃশ প্ৰাণী)ৰ সহায়ত হজম কৰোৱাৰ পাছত কেইবাটাও পৰ্যায়ত এই কফি প্ৰস্তুত কৰা হয়। চিভেট কেটৰ মল সংগ্ৰহ কৰাৰ পিচত এই গুটিবোৰ পৰিষ্কাৰ কৰি বিশেষ কফিবিধ প্ৰস্তুতৰ বাবে সাজু কৰোৱা হয়। অতি পুষ্টিকৰ পানীয় হিচাপে পৰিচিত প্ৰতি কি: গ্ৰা: চিভেট কফিৰ দাম ২৫০০০ টকা পৰ্যন্ত। এনে কফিৰ অত্যাধিক চাহিদা আছে উপ-সাগৰীয় দেশ আৰু ইউৰোপত। কৰ্ণটিপৰ ফুৰ্গ কনছ'লিটেডেডৰ উদ্যোগত চলিত বৰ্ষত পৰীক্ষামূলকভাৱে ২০০ কি: গ্ৰা: চিভেট কফি প্ৰস্তুত কৰা হ'ব।