ভাৰতে লাভ কৰিলে ২০৯ বিলিয়ন ডলাৰ এফ ডি আই

ভাৰতে লাভ কৰিলে ২০৯ বিলিয়ন ডলাৰ এফ ডি আই

দেশৰ বিভিন্ন খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ নিয়ম কিছু শিথিল কৰাৰ পিছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে এফ ডি আইৰ পৰিমাণ। যোৱা ২০১৪ ৰ এপ্ৰিলৰ পৰা ২০১৭ৰ ডিচেম্বৰপৰ্যন্ত ভাৰতে মুঠ ২০৮.৯৯ বিলিয়ন ডলাৰ এফ ডি আই লাভ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে লোকসভাত এই তথ্য প্ৰকাশ কৰে বাণিজ্য আৰু উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী চি আৰ চৌধুৰীয়ে। এই সময়ছোৱাত সেৱা খণ্ড, কম্পিউটাৰ ছফটৱেৰ-হাৰ্ডৱেৰ, টেলিকমিউনিকেচন, নিৰ্মাণ, ট্রেডিং আৰু অট'মোবাইল খণ্ডত সৰ্বাধিক পৰিমাণৰ এফ ডি আই লাভ কৰে ভাৰতে।