-->

ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে ভাৰত-চীনে গঠন কৰিব ‘ৱৰ্কিং গ্ৰুপ’

ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে ভাৰত-চীনে গঠন কৰিব ‘ৱৰ্কিং গ্ৰুপ’

ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে ভাৰত আৰু চুবুৰীয়া চীন দেশ 'যুটীয়া ৱৰ্কিং গ্ৰুপ' গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুৱে প্ৰকাশ কৰামতে চীনৰ সৈতে থকা বাণিজ্যিক ঘাটি দূৰ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। টুইটাৰযোগে তেওঁ এই কথা সদৰী কৰে। বৰ্তমান ফিলিপাইনছৰ ৰাজধানী মেনিলাত চলি থকা অৰ্থনৈতিক আৰু বাণিজ্য মন্ত্ৰীসকলৰ পঞ্চম পূৱ এছিয়া সন্মিলনত অংশগ্ৰহণৰ মাজতে তেওঁ এই কথা উল্লেখ কৰে। প্ৰভুৱে এই সন্মিলনত চীনৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবেও আহ্বান জনায়। এই সন্মিলনত চীনৰ বাণিজ্য মন্ত্ৰী জং চানৰ সৈতে হোৱা বৈঠকৰ পিছতে প্ৰভুৱে যুটিয়া ৱৰ্কিং গ্ৰুপ গঠনৰ কথা প্ৰকাশ কৰে। অলপতে বাণিজ্য মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰভুৱে এই সন্মিলনত জাপানৰ অৰ্থনীতি তথা বাণিজ্য দপ্তৰৰ মন্ত্ৰী হিৰোছিগে ছেকো আৰু কোৰিয়াৰ বাণিজ্য মন্ত্ৰী হিউন চং কিম আৰু অষ্ট্ৰেলিয়াৰ বাণিজ্য মন্ত্ৰী ষ্টিভেন চিঅ'বকো সাক্ষাৎ কৰে।