ফেব্ৰুৱাৰীত খুচুৰা মুদ্রাস্ফীতি ৪.৪৪ শতাংশলৈ হ্ৰাস

ফেব্ৰুৱাৰীত খুচুৰা মুদ্রাস্ফীতি ৪.৪৪ শতাংশলৈ হ্ৰাস

ফেব্ৰুৱাৰীত ধাৰাবাহিকভাৱে দ্বিতীয়বাৰলৈ হ্ৰাস পালে খুচুৰা মুদ্রাস্ফীতিৰ হাৰ। চৰকাৰী তথ্য অনুসৰি জানুৱাৰীৰ ৫.০৭ শতাংশৰ পৰিৱৰ্তে ফেব্ৰুৱাৰীত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ হ'ল ৪.৪৪ শতাংশ। ইয়াৰ পূৰ্বে এই হাৰ ৪.৮০ শতাংশ হ'ব বুলি অনুমান কৰিছিল ঔদ্যোগিক মহলে। মূলতঃ এই সময়ছোৱাত খাদ্যৰ মূল্য হ্ৰাস পোৱাৰ ফলত মুদ্রাস্ফীতিৰ হাৰো হ্ৰাস পায়।