-->

দেশৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ হ্ৰাস

দেশৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ হ্ৰাস

চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাসিকত (এপ্ৰিল-জুন)ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫.৭ শতাংলৈ হ্ৰাস পাই বুলি কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে জানিবলৈ দিছে। যোৱাটো বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰিমাসিকত এনে হাৰ আছিল ৭.৯ শতাংশ আৰু যোৱা জানুৱাৰী-মাৰ্চ মাহত এই হাৰ ৬.১ শতাংশ আছিল। ২০১৬-১৭ বিত্তীয় বৰ্ষত দেশত বিকাশৰ হাৰ আছিল ৭.১ শতাংশ। ভাৰতৰ শেহতীয়া বাৰ্ষিক বিকাশৰ হাৰ চীনৰ শেহতীয়া আৰ্থিক বিকাশৰ হাৰতকৈ কম হৈছে। অনাগত সময়ছোৱাত দেশৰ আৰ্থিক বিকাশৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতে প্ৰধান খণ্ডসমূহত বিনিয়োগ অধিক বৃদ্ধি কৰিব লাগিব বুলি অৰ্থনীতিবিদসকলে পৰামৰ্শ আগবঢ়াইছে।