-->

চি এছ আৰৰ নীতি উলংঘা কৰাৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব ১৬০ প্ৰতিষ্ঠান

চি এছ আৰৰ নীতি উলংঘা কৰাৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব ১৬০ প্ৰতিষ্ঠান

চি এছ আৰৰ নীতি উলংঘা কৰাৰ অপৰাধত ১৬০ টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী পি পি চৌধুৰীয়ে প্ৰকাশ কৰামতে কোম্পানী আইনৰ অধীনত এই প্ৰতিষ্ঠানকেইটাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে বিভিন্ন প্ৰতিষ্ঠানৰ চি এছ আৰ পুঁজি আবন্টনৰ বিষয়টোত চৰকাৰে কোনোধৰণৰ হস্তক্ষেপ নকৰে। উল্লেখ্য যে চি এছ আৰ সংক্ৰান্তীয় নীতি উলংঘা কৰাৰ বাবে মন্ত্ৰালয়ে ইতিমধ্যে ১,০১৮ প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।