-->

আগন্তুক পোন্ধৰ বছৰত এশটা বিমান বন্দৰ নিৰ্মাণ কৰিব চৰকাৰে

আগন্তুক পোন্ধৰ বছৰত এশটা বিমান বন্দৰ নিৰ্মাণ কৰিব চৰকাৰে

দেশত বিমান যোগাযোগ উন্নত কৰাৰ উদ্দেশ্যে ১৫ বছৰৰ ভিতৰত ১০০ টা বিমান বন্দৰ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ ফলত দেশৰ বিমান বন্দৰৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাব। বিমান পৰিবহণ বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত সিনহাই প্ৰকাশ কৰামতে এই পৰিকল্পনাৰ নামত ব্যয় কৰা হ'ব ৪ লাখ কোটি টকা। এই বিমানবন্দৰসমূহৰ ভিতৰত ৭০ টা বিমান বন্দৰ বৰ্তমান বিমান বন্দৰৰ সুবিধাৰ পৰা বঞ্চিত স্থানসমূহত নিৰ্মাণ কৰা হ'ব। বাকী ৩০ টা বিমান বন্দৰ অন্যান্য বিমান বন্দৰৰ আশে-পাশে স্থাপন কৰা হ'ব।