-->

গডৰেজে বৃদ্ধি কৰিব ফ্ৰীজ-এ চিৰ মূল্য

গডৰেজে বৃদ্ধি কৰিব ফ্ৰীজ-এ চিৰ মূল্য

প্ৰখ্যাত গডৰেজ গ্রুপৰ কনজিউমাৰ শাখা গডৰেজ এপ্লায়েন্সে ইয়াৰ ৰেফ্ৰিজিৰেটৰ আৰু শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ মূল্য ৩-৬ শতাংশ বৃদ্ধিৰ পৰিকল্পনা কৰিছে। মূলতঃ এনে সামগ্ৰী নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে দাম বঢ়োৱাৰ পৰিকল্পনা কৰিছে গডৰেজ এপ্লায়েন্সে। এই কথা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক মুৰব্বী আৰু কাৰ্যবাহী উপাধ্যক্ষ কমল নন্দীয়ে। উল্লেখ্য যে বিগত সময়চোৱাত তীখাৰ মূল্য ১০-১৫ শতাংশ, প্লাষ্টিকৰ মূল্য ৬-৭ শতাংশ, কপাহৰ মূল্য ৪০-৫০ শতাংশ আৰু এক বিশেষ ৰাসায়নিক পদাৰ্থ এম ডি আইৰ মূল্য ১৪০ শতাংশ বৃদ্ধি পাইছে।