-->

জিঅ’ৱে মুকলি কৰিব পেমেণ্ট বেংক

জিঅ’ৱে মুকলি কৰিব পেমেণ্ট বেংক

অহা ডিচেম্বৰ মাহত ভাৰতত পেমেণ্ট বেংক মুকলি কৰাৰ সম্ভাৱনা আছে ৰিলায়েন্স জিঅ' প্ৰতিষ্ঠানটোৱে। পূৰ্বতে অক্টোবৰত এই বেংক সেৱা মুকলি হোৱাৰ কথা আছিল যদিও ৰিজাৰ্ভ বেংকৰ এক নিৰ্দেশনাৰ বাবে প্ৰতিষ্ঠানটোৱে পেমেণ্ট মুকলিৰ সময়সীমা পিছুৱাবলগা হৈছে। 'ভাৰতীয় ৰিজাৰ্ভ বেংকে নিশ্চিত হ'ব বিচাৰিছে যে এই পেমেণ্ট বেংকটো যাতে সকলো নীতি অনুসৰি স্থাপন কৰা হয় আৰু গ্ৰাহকক যাতে এই বেংকটোৱে উন্নতমানৰ সেৱা আগবঢ়াব পাৰে' -জিঅ'ৰ এক প্ৰতিবেদনত কোৱা হয়। উল্লেখ্য যে যোৱা ৩১ আগষ্টপৰ্যন্ত ৰিলায়েন্স জিঅ'ৰ মুঠ গ্ৰাহকৰ সংখ্যা আছিল ১৩০ নিযুত।