এতিয়াৰে পৰা ১০ লাখতকৈ অধিক মূল্যৰ  দাবী নিষ্পত্তি অনলাইন আবেদনৰ জৰিয়তেহে সম্ভৱ হ’ব

এতিয়াৰে পৰা ১০ লাখতকৈ অধিক মূল্যৰ  দাবী নিষ্পত্তি অনলাইন আবেদনৰ জৰিয়তেহে সম্ভৱ হ’ব

যিসকল কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ একাউণ্টত (পি এফ) ১০ লাখতকৈ অধিক পৰিমাণৰ ধন জমা হৈছে তেওঁলোকে সেই ধনৰাশি উলিওৱাৰ বাবে এতিয়াৰে পৰা অনলাইনযোগে আবেদন কৰিব লাগিব। এতিয়াৰে পৰা ১০ লাখতকৈ অধিক পৰিমাণৰ দাবী নিষ্পত্তিৰ ক্ষেত্ৰত ই পি এফ অ'ৱে কাগজত ছপা কৰা কোনোধৰণৰ আবেদনপত্ৰ আগনবঢ়ায়। দাবী নিষ্পত্তিৰ ক্ষেত্ৰত জালিয়াতিৰ ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লগতে কৰ্মচাৰী পেঞ্চন আঁচনি (ই পি এছ)ৰ একাউন্টত ৫ লাখ টকাতকৈ অধিক পৰিমাণৰ ধন জমা থাকিলেও অনলাইনযোগে দাবী নিষ্পত্তি কৰিব লাগিব।