-->

বন্ধ হ’ব বিনামূলীয়া ভয়চ কলিং, ডাটা সেৱা: নূন্যতম মূল্য নিৰ্ধাৰণ কৰিব ট্ৰায়ে

বন্ধ হ’ব বিনামূলীয়া ভয়চ কলিং, ডাটা সেৱা: নূন্যতম মূল্য নিৰ্ধাৰণ কৰিব ট্ৰায়ে

অতি শীঘ্ৰে বন্ধ হ'ব সীমাহীন বিনামূলীয়া ভয়চ কলিং আৰু বিনামূলীয়া ডাটা সেৱা। দুৰসংযোগ সেৱা নিয়ন্ত্ৰক ট্ৰায়ক এনে সেৱা আঁতৰ কৰি ইয়াৰ বাবদ নূন্যতম মাচুল নিৰ্ধাৰণৰ আহ্বান জনাইছে একাংশ দুৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানে। এই বিষয়ে অচিৰেই আলোচনা কৰিব বুলি জনায় ট্ৰায়ৰ অধ্যক্ষ আৰ এছ শৰ্মাই। ট্ৰাইক আহ্বান জনোৱা দুৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ মতে বিনামূলীয়া ভয়চ কলিং আৰু বিনামূলীয়া ডাটাই দুৰসংযোগ খণ্ডৰ ৰাজহত বিৰূপ প্ৰভাৱ পৰিব।