এইবর্ষৰ ডিচেম্বৰলৈ জেটক বিদায় জনাব পাৰে এতিহাদে

এইবর্ষৰ ডিচেম্বৰলৈ জেটক বিদায় জনাব পাৰে এতিহাদে

এতিহাদ এয়াৰৱেজে এইবছৰৰ ডিচেম্বৰ মাহপৰ্যন্ত জেট এয়াৰৱেজক ২৪ শতাংশ আংশিদাৰিত্ব বিক্ৰী কৰাৰ সম্ভাৱনা আছে। চি এ পি এ-চেণ্টাৰ ফৰ এভিয়েছন নামৰ এটা সংস্থাই এখন প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিহাদ এয়াৰৱেজে এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। অসামৰিক বিমান পৰিবহণ উদ্যোগটোত জেট এয়াৰৱেজ আৰু এতিহাদৰ মাজত হোৱা চুক্তিয়ে যোৱা বছৰৰ পৰাই চর্চা লাভ কৰি আহিছে। উল্লেখ্য যে আবু ধাবিৰ বিমান পৰিবহণ কোম্পানী এতিহাদৰ জেট এয়াৰৱেজত ২৪% আৰু মাইলছ ৰিভাৰ্ডিং ইউনিট জেট প্ৰিভিলেজত ৫০ শতাংশ অংশীদাৰিত্ব আছে। এতিহাদে এই ২৪ শতাংশ অংশীদাৰিত্বও জেটক বিক্ৰী কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।