ভাৰতত প্ৰৱেশ ডাইছনৰ : বিনিয়োগ কৰিব প্ৰায় ১৫০ নিযুত পাউণ্ড

ভাৰতত প্ৰৱেশ ডাইছনৰ : বিনিয়োগ কৰিব প্ৰায় ১৫০ নিযুত পাউণ্ড

ব্ৰিটেইনৰ প্ৰযুক্তিগত সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠান ডাইছনে ভাৰতৰ কনজিউমাৰ ডিউৰেবল ব্যৱসায়ত প্ৰৱেশ কৰিছে আৰু অহা পাঁচ বছৰৰ ভিতৰত ভাৰতত ১৫০ নিযুত পাউণ্ড বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক'ৰ্ড ফ্ৰী ভেকিউম ক্লিনাৰ, এয়াৰ পিউৰিফায়াৰ আৰু হেয়াৰ ড্রায়াৰ বিক্ৰীৰ পৰিকল্পনা কৰা ডাইছনে শেহতীয়াকৈ দেশৰ ৰাজধানী চহৰত ইয়াৰ প্ৰথমখন বিপনী মুকলি কৰিছে আৰু অনাগত সময়ছোৱাত দেশজুৰি ২০ খন বিপনী স্থাপন কৰিব। ভাৰতত বিক্ৰী কৰিবলগীয়া সামগ্ৰীসমূহ প্ৰতিষ্ঠানটোৱে মালয়েছিয়া আৰু ছিংগাপুৰৰ পৰা আমদানি কৰিব। অৱশ্যে ভাৰতত নিৰ্মাণ প্ৰকল্প স্থাপন সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য প্ৰকাশ কৰা নাই ডাইছনে।